লুৰীণজ্যোতি গগৈৰ হাতত অসম জাতীয় পৰিষদৰ কাৰ্যবাহী সভাপতিৰ দায়িত্ব

73

গুৱাহাটী: আছুৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক অসম জাতীয় পৰিষদৰ প্ৰথমগৰাকী কাৰ্যবাহী সভাপতি নিৰ্বাচিত কৰা হৈছে। এজেপিৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অভিৱৰ্তনত দলটোৰ নেতৃত্ব চূড়ান্ত কৰা হয়।

আনহাতে মুখ্য সমন্বয়ক ৰূপে দলটোক সংগঠিত কৰা জগদীশ ভূঞাক উপ সভাপতি নিৰ্বাচন কৰা হৈছে।