দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গ্ৰেপ্তাৰ কৰে কুখ্যাত খালিস্তানী সন্ত্ৰাসবাদী হৰপ্ৰীত সিং ওৰফে হেপি মালয়েছিয়াক। ২০২১ চনৰ লুধিয়ানা আদালত চৌহদত বিস্ফোৰণৰ গোচৰত অভিযুক্ত ‘মষ্ট ৱাণ্টেড’ হৰপ্ৰীতৰ ওপৰত ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল।
এন আই এৰ মুখপাত্ৰই জনোৱা মতে, মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰৰ পৰা দিল্লী বিমানবন্দৰত উপস্থিত হোৱা হৰপ্ৰীতক গোপন সূত্ৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰিচয় নিশ্চিত হোৱাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। এন আই এৰ সূত্ৰ অনুসৰি বাব্বৰ খালছা, খালিস্তান লিবাৰেশ্যন ফৰ্চ আৰু অমৃতসৰৰ বাসিন্দা হৰপ্ৰীতৰ দৰে কেইবাটাও উগ্ৰপন্থী সংগঠনৰ সৈতে সংস্পৰ্শৰ প্ৰমাণ পোৱা গৈছে।
পাকিস্তানস্থিত উগ্ৰপন্থী সংগঠন ইণ্টাৰনেশ্যনেল শিখ ইউথ ফেডাৰেচনৰ সৈতেও তেওঁ সংস্পৰ্শত আছিল। বিগত বৰ্ষৰ ২৩ ডিচেম্বৰত লুধিয়ানা আদালত চৌহদত সংঘটিত বিস্ফোৰণত এজন লোক নিহত হৈছিল। গুৰুতৰভাৱে আহত হৈছিল ৫জন লোক। অভিযোগ অনুসৰি এই ঘটনাৰ আঁৰত খালিস্তানী উগ্ৰপন্থী সংগঠন জড়িত আছিল। প্ৰাথমিক তদন্তত পঞ্জাৱ আৰক্ষীৰ বৰ্খাস্ত কনিষ্টবল গগনদীপ সিং বিস্ফোৰণৰ সৈতে জড়িত আছিল। বিস্ফোৰণত নিহত হয় গগনদীপ।
ইয়াৰ পিছতে তদন্তত জাৰ্মানীত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী যছৱিন্দৰ সিং মুলতানীৰ নাম আহিল। নিষিদ্ধ উগ্ৰপন্থী সংগঠন শিখছ ফৰ জাষ্টিছৰ সদস্য জাছৱিন্দৰক যোৱা বছৰ জাৰ্মানীত এন আই এয়ে গ্ৰেপ্তাৰ কৰিছিল। এইবাৰ ধৰা পৰিল আন এজন অভিযুক্ত হৰপ্ৰীত। লুধিয়ানা বিস্ফোৰণত ব্যৱহৃত আই ই ডিৰ চোৰাং সৰবৰাহত তেওঁৰ ভূমিকা যথেষ্ট বুলি দাবী কৰে এন আই এয়ে।