লিভ-ইন ৰিলেশ্যন সমাজৰ বাবে মাৰাত্মক ব্যধি! লিভ-ইনৰ বিৰুদ্ধে আইন প্ৰনয়নৰ আহ্বান বিজেপি সাংসদৰ

358

লিভ-ইন সম্পৰ্কে আচলতে চয়তানী সম্পৰ্ক। এই লিভ-ইন সংস্কৃতি ভাৰতত মাৰাত্মক ব্যধিৰ দৰে বিয়পি পৰিছে। আইন প্ৰণয়ন কৰি লিভ-ইন সম্পৰ্ক বন্ধ কৰিব লাগিব। অন্যথা ভাৰতীয় সংস্কৃতিৰ অন্ত পৰিব। বিজেপিৰ সাংসদ ধৰ্মবীৰ সিঙে লোকসভাৰ অধিৱেশনৰ সময়ত এই মন্তব্য কৰে। ইয়াৰ বাহিৰেও তেওঁৰ পৰা বিবাহ আৰু বিবাহ বিচ্ছেদ সম্পৰ্কে বহু কথা শুনা গৈছে।

হাৰিয়ানাৰ বিজেপি সাংসদে বৃহস্পতিবাৰে অধিৱেশনৰ জিৰ’ আৱাৰত লিভ ইন সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰে। তেওঁ কয়, ‘এই লিভ-ইন সম্পৰ্ক সমাজৰ এক নতুন ৰোগ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই সম্পৰ্ক পশ্চিমীয়া বিশ্বত অতি জনপ্ৰিয় যদিও এই দুষ্টতাই আমাৰ সমাজত দ্ৰুতগতিত বিয়পি পৰিছে। কিছুদিন আগতে আমি দেখিছিলো শ্ৰদ্ধাৰ সৈতে ঘটা ঘটনা। “দুয়োজন লিভ-ইন ৰিলেচনত আছিল।”

এই ঘটনাৰ কথা উল্লেখ কৰি ধৰ্মবীৰৰ মতে, “জীৱন-যাপনে কেৱল আমাৰ সংস্কৃতিক ধ্বংস কৰাই নহয়, লিভ-ইন ৰিলেচনৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰক।”

কেৱল লিভ ইন ৰিলেচন নহয়, প্ৰেম আৰু বিবাহৰ বিৰুদ্ধে মাত মাতিছে বিজেপিৰ সাংসদগৰাকীয়ে। তেওঁৰ মতে প্ৰেমে যদি বিবাহৰ ৰূপ পায় তেন্তে বিবাহ বিচ্ছেদৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। কিন্তু বিবাহৰ সম্পৰ্কত বিবাহ বিচ্ছেদৰ হাৰ অতি কম হোৱা দেখা গৈছে। তদুপৰি প্ৰেম আৰু বিবাহ থাকিলে কেতিয়াবা গাঁৱত সমস্যাৰ সৃষ্টি হয়। গতিকে পিতৃ-মাতৃৰ সন্মতি সাপেক্ষে বিবাহ হ’ব লাগে।