লাহৰীঘাটত জঘন্য হত্যাকাণ্ডৰ ঘটনা

195

লাহৰীঘাটৰ বৰচলাত অমানৱীয় কাণ্ড । স্বামীয়ে পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ । নিজ সদ্যজাত শিশু সন্তানৰ মুখত বিষ ঢালি দিয়ে পাষান পিতৃয়ে । বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত সাপকাঠি গাঁৱত সংগঠিত হৈছে এই কাণ্ড । মানুহ কিমান পাষান হলে ছাদিক চৌধুৰীৰ নিচিনা এনেধৰনৰ স্বামীয়ে সংঘটিত কৰিব পাৰে এনে অমানৱীয় কাণ্ড ।

উল্লেখযোগ্য যে লাহৰীঘাটৰ সাপকাঠি গাৱৰ মালেকা খাতুন নামৰ এগৰাকী ছোৱালীৰ লগত একেখন গাঁৱৰে ছাদিক চৌধুৰী নামৰ লোকজনৰ বিবাহ হয় । বিবাহৰ পিছৰ পৰাই নানান ধৰণৰ শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰিছিল ছাদিক চৌধুৰী নামৰ মানৱৰূপী নৰপিশাচটোৱে । দুয়োৰে সংসাৰত ১১ দিন পূৰ্বে এটি পুত্ৰসন্তান জন্ম হয় ।
বিয়াৰ পিছৰ পৰাই গাঞ্জা,মদ,ভাং আদি বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰি পত্নীক বহু শাৰিৰীক আঘাত কৰে ছাদিক চৌধুৰী নামৰ ভণ্ড স্বামীয়ে । অৱশেষত ছাদিক চৌধুৰী নামৰ মানৱৰূপী দানৱটোয়ে মৰিয়াই মৰিয়াই হত্যা কৰে পত্নী মালেকা খাতুনক । আৰু তাৰ পিছত মালেকা খাতুনৰ ১১ দিনীয়া পুত্ৰসন্তানৰ মুখত বিষ ঢালি দিয়ে হত্যাকাৰী স্বামী ছাদিক চৌধুৰীয়ে ।
ছাদিক চৌধুৰী নামৰ দানৱটোক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছে স্হানীয় ৰাইজে ।ঘটনাস্হলীত বৰচলা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।