লামডিঙত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰি মেট্ৰিক-হায়াৰ চেকণ্ডাৰীত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ প্ৰতিবাদ

98

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে। একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে ধনৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে আন একাংশই ছেবাৰ মূল্যায়ন পদ্ধতিত বিসংগতি সংঘটিত হোৱাৰ অভিযোগেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

ৰে’লনগৰী লামডিঙতো বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে মেট্ৰিক আৰু হাই চেকণ্ডাৰী পৰীক্ষাত অনুত্তীৰ্ণ হোৱা একাংশ শিক্ষাৰ্থীয়ে। তেওঁলোকক উত্তীৰ্ণ কৰাই দিয়াৰ দাবীৰে বৃহস্পতিবাৰে ৰাজপথত সাব্যস্ত কৰে প্ৰতিবাদ।

প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে লামডিং মহাবিদ্যালয়ৰ সন্মুখৰ পথ অৱৰোধ কৰি শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰে। ছাত্ৰ-ছাত্ৰীসকলে মূল্যায়ন পদ্ধতিৰে ঘোষিত ফলাফলত অসন্তুষ্টি ব্যক্ত কৰি অসম চৰকাৰ হায় হায়, শিক্ষা বিভাগ হায় হায়, আমাক উত্তীৰ্ণ কৰাই দিয়ক আজি শ্ল’গানেৰে পৰিৱেশে উত্তাল কৰি তোলে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন কৰে জিলা প্ৰশাসনে।