লাভলীনাৰ সমৰ্থনত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী-বিধায়কৰ চাইকেল ৰেলী

97

গুৱাহাটীঃ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা এথলিট লাভলীনা বৰগোঁহাইৰ সফলতা কামনাৰে আজি মহানগৰীত এক চাইকেল ৰেলী বাহিৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘গ’ ফ’ৰ গ্ল’ৰী’ শীৰ্ষক এই চাইকেল ৰেলীৰ জৰিয়তে লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী আৰু অন্য মন্ত্ৰী-বিধায়কসকলে খেলুৱৈগৰাকীয়ে স্বৰ্ণপদক লাভেৰে অসমক গৌৰৱাম্বিত কৰিব বুলি আশা কৰে।

এই চাইকেল ৰেলীত মুখ্যমন্ত্ৰীৰ উপৰিও মন্ত্ৰী পীয়ুষ হাজৰিকা, বিমল বৰা, অতুল বৰা, পৰিমল শুক্লবৈদ্য, ৰঞ্জিত কুমাৰ দাস, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যক্ষ ডা০ নোমল মমিনৰ লগতে অন্যান্য বিজেপি আৰু অন্য দলৰ বিধায়কসকলে অংশগ্ৰহণ কৰে।

ইফালে লাভলীনাৰ সমৰ্থনত পুৱাই লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ চাইকেল ৰেলী বাহিৰ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

উল্লেখ্য যে, অহা ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হব টকিঅ’ অলিম্পিক। এই অলিম্পিকলৈ অসম কন্যা লাভলীনা বৰগোঁহাইয়ে যোগ্যতা অৰ্জন কৰাত ৰাজ্যজুৰি আনন্দৰ বন্যা নমা দেখা গৈছে।