লাভলীনাৰ খেল চাবলৈ ২০ মিনিট স্থগিত ৰখা হ’ল সদনৰ কাম-কাজ

115

গুৱাহাটীঃ সমগ্ৰ ভাৰতবাসীৰ আশা বুকুত বান্ধি লৈ আজি টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেলত অৱতীৰ্ণ হব অসম কন্যা লাভলীনা বৰগোঁহাই। অসমৰ কেঁচা আলি গচকি বিশ্ব দৰবৰালৈ যোৱা লাভলীনাই স্বৰ্ণ পদক কঢ়িয়াই আনক, সেই প্ৰাৰ্থনা সকলোৱে কৰিছে। অসম বিধানসভাৰ সদস্য সকলেও লাভলীনাক জনাইছে অভিনন্দন।

বুধবাৰৰ পৰা পুনৰ আৰম্ভ হোৱা অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনত শাসক-বিৰোধীৰ প্ৰতিগৰাকী মন্ত্ৰী-বিধায়কে আজি আশাৰে বাট চাইছে লাভলীনাৰ জয়লৈ। লাভলীনাক উৎসাদ দিয়াৰ অৰ্থে আজি দিনৰ ১১ বজাৰ পৰা ২০ মিনিট সময় সদনৰ কামকাজ স্থগিত ৰখা হয়।

শাসক-বিৰোধী উভয়ৰে সমৰ্থন মৰ্মে বিধানসভাৰ কাম-কাজ ২০ মিনিট সময় স্থগিত ৰাখি সকলোৱে খেল উপভোগ কৰে।