লাডাখত ভাৰতীয় সেনাৰ সৈতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এখন নদীত টেংক আবদ্ধ হৈ পৰাৰ ফলত বিষয়াসহ ৫ জনকৈ সেনা জোৱানৰ মৃত্যু হৈছে।
তথ্য অনুসৰি শুকুৰবাৰে লাডাখৰ দৌলত বেগ ওল্ডিত ভাৰতীয় সেনাই টেংক অনুশীলন চলাই আছিল। তাৰ মাজতে সেনাৰ টেংক টি-৭২ শ্বায়োক নদীৰ মাজত আবদ্ধ হৈ পৰে। ফলত টেংকখনৰ ভিতৰ ভাগত পানী সোমাই যায়। এনে পৰিস্থিতিত জেপিঅ’কে ধৰি ৫ জন সেনা জোৱানৰ মৃত্যু হৈছে।
