লাওখোৱা অভয়াৰণ্যত সোমবাৰে নিশা পুনৰ দলবদ্ধ আক্ৰমণৰ সন্মুখীন হ’ল এগৰাকী বনকৰ্মী। সোমবাৰে সন্ধিয়া গড়াজান বজাৰৰ পৰা বজাৰ কৰি কৰ্মস্থলী চৰাইহাগী বন শিবিৰলৈ গৈ থকা অৱস্থাত ধিং শিলঘাট মথাউৰিৰ ওপৰত বনকৰ্মী মহম্মদ ইছলামক দলবদ্ধ আক্ৰমণ কৰে চোৰাং মাছমৰীয়াৰ এটা দলে। পাঁচজনীয়া চোৰাং মাছমৰীয়াৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাবে আহত হয় বনকৰ্মী মহম্মদ ইছলাম৷
ইফালে বনকৰ্মীগৰাকীৰ চিঞৰ-বাখৰ শুনি সহকৰ্মীসকলে তেওঁক উদ্বাৰ কৰি দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। উল্লেখ্য যে, লাওখোৱা অভয়াৰণ্যৰ বিল-খালত চোৰাংকৈ মাছ ধৰিবলৈ নিদিয়াৰ বাবেই চোৰাং মাছমৰীয়াসকলে অকলশৰীয়া বনকৰ্মী জনক মথাউৰিৰ ওপৰত দলবদ্ধভাবে আক্ৰমণ কৰে।
সম্প্ৰতি বন বিভাগে জুৰীয়া আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছে। অভয়াৰণ্যখনত নিৰাপত্তাহীনতাত ভুগি থকা বুলি অভিযোগ তুলিছে কৰ্মৰত বনকৰ্মী সকলে।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও অভয়াৰণ্যখনত ৪ বাৰ বনকৰ্মীক এইদৰে আক্ৰমণ কৰা হৈছে যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে ৰহস্যজনকভাবে নিৰ্লিপ্ত ভূমিকা লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
