লাইভ শ্ব’ৰ পূৰ্বে বাথৰুমত ৰহস্যজনকভাৱে উদ্ধাৰ কোৰিয়ান গায়িকা লি চাং ইউনৰ মৃতদেহ

460

দক্ষিণ কোৰিয়াৰ গিমচেয়ন কালচাৰ এণ্ড আৰ্ট চেণ্টাৰৰ গ্ৰেণ্ড হলত লাইভ শ্ব’ত সংগীত পৰিবেশনৰ পূৰ্বে বাথৰুমত মৃত অৱস্থাত উদ্ধাৰ হয় কোৰিয়ান গায়িকা লি চাং ইউনৰ মৃতদেহ।

মঞ্চত সংগীত পৰিবেশনৰ সময় পাৰ হোৱাৰ পিছতো কণ্ঠশিল্পীগৰাকী মঞ্চলৈ উঠি নহাত আয়োজকৰ মাজত হাহাকাৰ লাগে।

তাৰ পিছতে গায়িকাগৰাকীৰ বিচাৰ খোচাৰ আৰম্ভ হোৱাত বাথৰুমৰ মজিয়াত অচেতন অৱস্থাত লি চাং ইউনক উদ্ধাৰ কৰা হয়।

লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

গায়িকাগৰাকীৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে।