লডাখ সীমান্তত এতিয়া যুদ্ধৰ পূৰ্ণ প্ৰস্তুতি চলিছে। সাজু হৈ উঠিছে দুয়োখন দেশৰে সেনাবাহিনী।যুদ্ধৰ আখৰা অব্যাহত থকাৰ সময়তেই এইবাৰ অসমতো সেনাই গ্ৰহণ কৰিছে ব্যাপক তত্পৰতা। ইতিমধ্যে অসমলৈ কেইবাখনো যুঁজাৰু বিমান প্ৰেৰণ কৰা হৈছে। সীমান্তত উত্তেজনা অধিক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসমলৈ প্ৰেৰণ কৰা হৈছে অত্যাধুনিক ‘চিনুক’ হেলিকপ্টাৰ।ইতিমধ্যে ডিব্ৰুগড়ৰ মোহনবাৰী,তেজপুৰৰ শালনীবাৰী বিমানবন্দৰত সেনাবাহিনীৰ তত্পৰতা বৃদ্ধি কৰা হৈছে। সেনাই সাজু কৰি তুলিছে প্ৰতিখন অত্যাধুনিক হেলিকপ্টাৰ আৰু যুঁজাৰু বিমান। এতিয়া সীমান্তত উত্তেজনা বৃদ্ধিৰ বিপৰীতে যিকোনো সময়তে যুদ্ধৰ বাবে সম্পূৰ্ণ সষ্টম হৈ পৰিছে ভাৰতীয় সেনা। ইফালে প্ৰতিখন যুঁজাৰু বিমানো সাজু কৰি ৰখা হৈছে।
Latest article
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণযুক্ত তীখা খণ্ডত দখল কৰিছে ৩০ শতাংশ বজাৰ অংশীদাৰিত্ব
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত...
ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড...
ভৰতপুৰ কৌশল মহোৎসৱত চাকৰি নিশ্চিত হ’ল ২৪০০ৰো অধিক যুৱক-যুৱতীৰ
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে...