লখৰাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

73

গুৱাহাটীঃ মহানগৰীৰ লখৰাত শনিবাৰে সন্ধিয়া অভিযান চলাই শ্চিম গুৱাহাটী আৰক্ষী জিলাৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ চমুকৈ SOGয়ে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, গোপন খবৰৰ ভিত্তিত SOGয়ে লখৰাৰ সেনমেলা নামঘৰৰ সমীপৰ এগৰাকী মহিলাৰ বাসগৃহত অভিযান চলায়। এই অভিযানকালত লক্ষাধিক টকা মূল্যৰ ৪১ কেজি সন্দেহযুক্ত গাঞ্জা জব্দ হয়।

ইফালে আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰিয়েই মহিলাগৰাকী পলায়ন কৰিবলৈ সক্ষম হয়। পলাতক মহিলাগৰাকীৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত NDPS আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।