লখিমপুৰৰ হাচিনা বেগমক আটক আৰক্ষীৰ

125

আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি পলাতক লখিমপুৰৰ হাছিনা বেগমক আটক।গুৱাহাটী মহানগৰৰ এখন হোটেলত আত্ম গোপন কৰি আছিল হাছিনাই।বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষী থানাৰ বিষয়াৰ নামত ধন দাবীৰে অভিযোগ হাছিনাৰ
।উল্লেখ্য যে নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ OC, IC ৰ নামত ধন ল’লে হাছিনাই।
বঙালমৰাৰ সোণাপুৰৰ এটা পৰিয়ালৰ বিৰুদ্ধে থানাত নকল সোণ বেপাৰৰ গোচৰ আছে বুলি ভীতি প্ৰদৰ্শন কৰি আহিছিল হাছিনাই।পৰিয়ালটোক বঙালমৰা আৰু বিহপুৰীয়া থানালৈ লৈ গৈ আৰক্ষীৰ ভয় দেখুৱাই ধন দাবী।
পৰিয়ালটোৰ পৰা প্ৰথমে ৭০ হেজাৰ টকা আদায় কৰিলে হাছিনাই।দুই দালালৰ সৈতে মিলি পুনৰ ২০ হেজাৰ টকা দাবী কৰি ১০ হেজাৰ টকা কৰিলে আদায়।
পৰিয়ালটোৱে আৰক্ষীৰ ওচৰলৈ গৈ গম পালে তেওঁলোকৰ বিৰুদ্ধে নাই কোনো নকল সোণৰ গোচৰ।
আৰক্ষী বিষয়াৰ নামত ধন লোৱা হাছিনা সহ দুই দালালৰ বিৰুদ্ধে বঙালমৰা আৰক্ষী চকীত গোচৰ পৰিয়ালটোৰ।ধন উভতাই বিচৰা পৰিয়ালটোক ফোনযোগে পুলিচক হতুৱাই উঠাই অনাৰ ভাবুকি হাছিনাৰ।
গোচৰ লোৱা আৰক্ষী বিষয়াকো দুদিনৰ ভিতৰত বদলি কৰি দিয়াৰ ভাবুকি। হাছিনা বেগমৰ কু-কীৰ্তিৰ কল ৰেকৰ্ডিং আৰক্ষীৰ ওচৰত জমা দিলে পৰিয়ালটোৱে।
কুখ্যাত হাছিনাক বিচাৰি দুদিন ধৰি অভিযান আৰক্ষীৰ।ফোন বন্ধ কৰি পলাতক হাছিনা বেগম।
SI জোণমনি ৰাভাৰ মৃত্যুৰ সময়ত হঠাৎ আত্ম প্ৰকাশ ঘটিছিল হাছিনাৰ।পূৰ্বেও জালনোট আৰু নকল সোণৰ গোচৰত জেললৈ যোৱা হাছিনাই উত্থাপন কৰিছিল বহু বিস্ফোৰক অভিযোগ।সেই গৰাকী হাছিনাই পুনৰ নিজৰ আওতালৈ নিলে লখিমপুৰৰ নকল সোণৰ চক্ৰটো।