লখিমপুৰত লোমহৰ্ষক হত্যাকাণ্ড! পত্নীৰ কটা মূৰ লৈ থানা পালেহি হত্যাকাৰী স্বামী

65

লখিমপুৰ জিলাৰ লীলাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ পত্নীকে শিৰচ্ছেদ কৰি কটা মূৰ লৈ থানাত উপস্থিত হয় হত্যাকাৰী স্বামী। লীলাবাৰীৰ কাচিপথাৰত সংঘটিত এই লোমহৰ্ষক কাণ্ডক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজে সন্দেহ কৰা মতে, পাৰিবাৰিক কন্দ্বলৰ পৰিণতিত মইনুল আলী নামৰ লোকজনে নিজ পত্নী ফইজুলা বেগমৰ শিৰচ্ছেদ কৰি থানাত উপস্থিত হয়।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী মইনুলক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।