লখিমপুৰত আৰক্ষীক আক্ৰমণৰ ভয়ংকৰ ঘটনা। বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত এই ঘটনা।ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ গৈ আক্ৰমণৰ বলি আৰক্ষীৰ দলটো। ধৃত ড্ৰাগছ পেডলাৰক লগত লৈ অভিযান চলাইছিল আৰক্ষীৰ দলটোৱে। অসামৰিক পোছাকত আছিল আৰক্ষীৰ দলটো।
ড্ৰাগছ পেডলাৰ ছাদ্দাম হুছেইনক কৰায়ত্ত কৰাৰ পিছতে আৰক্ষীক আক্ৰমণ। আৰক্ষীৰ ওপৰত জপিয়াই পৰে ছাদ্দাম ওৰফে বেলায়তৰ পৰিয়াল। আক্ৰমণ কৰি মোকলাই নিয়ে পেডলাৰ ছাদ্দাম হুছেইনক। ছাদ্দাম হুছেইনক বিচাৰি পুৱতিনিশা SP আনন্দ মিশ্ৰৰ অভিযান। ঘটনাস্থলী দলনিৰপাৰৰ পৰা আটক অৰ্ধশতাধিক লোকক।
