লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ

221

কংগ্ৰেছ হাই কামাণ্ড ছোনীয়া গান্ধীৰ ওপৰত অন্যায়ভাৱে RD য়ে জাপি দিয়া গোচৰৰ বিৰুদ্ধে লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ।
বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত কিছু চৰকাৰী সংস্হাই কংগ্ৰেছৰ নেত্ৰী, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী শ্ৰীযুতা ছোনীয়া গান্ধীৰ ওপৰত অন্যায়ভাৱে গোচৰ জাপি দি উক্ত গোচৰৰ তদন্তৰ অধীনত সোধা পুছাৰ নামত অযথা হাৰা-শাস্তি কৰাৰ কাৰণে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছী কৰ্মী সকলে।সমান্তৰাল কৈ লখিমপুৰ জিলাৰ কংগ্ৰেছ কমিটিয়ে জিলা উপায়ুক্তৰ কাৰ্যায়লৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
“নৰেন্দ্ৰ মোদী গো বেক”।
“বিজেপি চৰকাৰ হাই হাই”।
“অসম চৰকাৰ গো বেক,”আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।