ডিজিটেল ডেস্কঃ লখিমপুৰ খেৰীৰ ঘটনাৰ যেন এইবাৰ পুনৰাবৃত্তি ঘটিল মধ্যপ্ৰদেশৰ ভূপালত। দেৱী বিসৰ্জনৰ বাবে উলিওৱা শোভাযাত্ৰাত এখন উদণ্ড বাহনে মহতিয়াই নিয়াত শিশুসহ তিনিজনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। আহত আটাইকেইজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে।
এই শোকাবহ ঘটনা সংঘটিত হয় শনিবাৰে নিশা। মধ্য প্ৰদেশৰ ভূপাল চহৰৰ বাজাৰিয়া অঞ্চলৰ ৰেল ষ্টেচন চৌহদত এই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, বিসৰ্জন শোভাযাত্ৰাটো ৰাস্তাৰ এফালে চলি আছিল। ঠাকুৰক চাবলৈ বহুতো সাধাৰণ মানুহেও ৰাস্তাৰ এফালে ভিৰ কৰিছিল। হঠাতে এখন গাড়ী দ্ৰুত গতিত আহি বিসৰ্জন শোভাযাত্ৰাত প্ৰৱেশ কৰিলে। গাড়ীখনে কেইবাজনো লোকক খুন্দা মাৰে। ৰাস্তাত থকা জনতাই দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ঘেৰি ধৰে। যাৰ ফলত বাহনখনে বেক অধিক তীব্রতাৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ইফালে চিচিটিভি কেমেৰাত বন্দী হয় এই সমগ্ৰ লোমহৰ্ষক দৃশ্য। ভিডিঅ’ ফুটেজত দেখা পোৱা মতে গাড়ীখনত চালকজনৰ উপৰিও দুইৰ পৰা তিনিজন লোক আছিল। বাহনখনৰ নম্বৰ প্লেটটো স্পষ্টভাৱে চিচিটিভিত বন্দী হয়। আৰক্ষীয়ে অভিযুক্তজনৰ সন্ধান অব্যাহত ৰাখিছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে, শুকুৰবাৰে নিশা ছত্তীশগড়ৰ যশপুৰত দশেৰাত এনে কৰুণ ঘটনা সংঘটিত হৈছিল। যত এজন লোকৰ মৃত্যু ঘটাৰ লগতে ১৬ জনকৈ লোক আহত হয়।
