লক্ষ্য উত্তৰ প্ৰদেশ নিৰ্বাচন! কংগ্ৰেছ এৰি গেৰুৱা হল জ্যেষ্ঠ নেতা জীতিন প্ৰসাদ

97

লক্ষ্য সমাগত উত্তৰ প্ৰদেশ নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া দল সলনি কৰাৰ ৰাজনীতি আৰম্ভ হৈছেই। জয়ৰ অধিক সম্ভাৱনা থকা দললৈ অন্য দলৰ পৰা আহি যোগ দি নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰা নেতাৰ অভাৱ এতিয়া নহয়। মধ্যপ্ৰদেশ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই দলত্যাগ কৰি বিজেপিলৈ গৈছিল। এইবাৰ দলত্যাগ কৰিলে কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতাই। প্ৰিয়ংকা গান্ধীৰ অনত্যম ঘনিষ্ঠ হিচাপে পৰিচিত জীতিন প্ৰসাদে আজি কংগ্ৰেছৰ দীঘলীয়া জীৱন ত্যাগ কৰি পিন্ধি ল’লে গেৰুৱা বসন। নিশ্চিতভাৱে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব জীতিন প্ৰসাদে।

কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত অতিষ্ঠ হৈয়ে দলত্যাগ কৰা বুলি জীতিন প্ৰসাদে দাবী কৰিলেও দৰাচলতে ইয়াৰ আঁৰত ক্ষমতা লাভৰ মহাৎকাংক্ষা বুলিয়েই সমালোচকসকলে মন্তব্য কৰিব বিচাৰে। ইফালে আজি বিজেপিত যোগদানৰ পূৰ্বে জীতিন প্ৰসাদে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পুৱাৰ ভাগতে সাক্ষাৎ কৰিছিল। তাৰ পিছত বিজেপিৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱলৰ উপস্থিতিত বিজেপি সদস্য পদ গ্ৰহণ কৰে তেওঁ।