লকডাউনৰ সুফলঃ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন সীমা বৰাৰ উপন্যাস ‘ভগ্ন হৃদয়ৰ উচুপনি’ আৰু কাব্যগ্ৰন্থ ‘বাঁহীৰ সুৰত ৰাধাই নাচে’

70

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটী প্ৰেছ ক্লাবত সীমা বৰাৰ উপন্যাস ‘ভগ্ন হৃদয়ৰ উচুপনি’ আৰু কাব্যগ্ৰন্থ ‘বাঁহীৰ সুৰত ৰাধাই নাচে’ বুধবাৰে উন্মোচন কৰা হয়। দুয়োখন গ্ৰন্থৰ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক, অসম কলাতীৰ্থৰ সঞ্চালক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ পৰমানন্দ ৰাজবংশী, আছাম পাব্লিক ৱকৰ্ছৰ সভাপতি আভিজিত শৰ্মা, দৈনিক বাতৰি কাকতৰ সম্পাদক অনিল বৰ্মন, নিয়মীয়া বাৰ্তা কাকতৰ উপ-সম্পাদক ড॰ গীতালি শইকীয়া, বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকা, জনপ্ৰিয় কবি স্বপ্নালী বৰগোহাঁই, প্ৰতিভা নাথ আৰু উচ্ছ ন্যায়ালয়ৰ অধিবক্তা শ্বহিদুল ইছলাম৷