লংকাৰ পৰা অযোধ্যালৈ যোৱা ৫০ জনীয়া তীৰ্থযাত্ৰীৰ দলৰ পৰা নিৰুদ্দেশ এগৰাকী ৮০ বছৰীয়া বৃদ্ধ। নিৰুদ্দিষ্ট বৃদ্ধগৰাকীৰ নাম নৰেন কাকতি। ১৬ মাৰ্চৰ পুৱা ‘ভোলানাথ’ নামৰ নৈশ বাছেৰে অযোধ্যালৈ ৰাওনা হৈছিল তীৰ্থযাত্ৰীৰ দলটো। বিহাৰ পোৱালৈকে পৰিয়ালৰ সৈতে সম্পৰ্কত আছিল বৃদ্ধগৰাকী। ঘটনা সন্দৰ্ভত কাকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।