লংকাৰ এজন যুৱকে এথেলিটচছে দ্বিতীয় “নৰ্থ ইষ্ট অলিম্পিক”ত সোণৰ পদকেৰে গৌৰৱ কঢ়িয়ালে ৰাজ্যখনৰ লগতে সমগ্ৰ লংকালৈ।

306


লংকাৰ এজন যুৱ এথেলিটচছে দ্বিতীয় “নৰ্থ ইষ্ট অলিম্পিক”ত সোণৰ পদকেৰে গৌৰৱ কঢ়িয়ালে ৰাজ্যখনৰ লগতে সমগ্ৰ লংকালৈ।

সদ্য সমাপ্ত দ্বিতীয় নৰ্থ ইষ্ট অলিম্পিকৰ ৫ হাজাৰ আৰু ১০ হাজাৰ মিটাৰৰ দৌৰত অংশ লৈ সোনৰ পদকেৰে উজ্বলি উঠে লংকাৰ পশ্চিম লংকাগাঁওৰ মান’উবি সিংহা নামৰ যুৱ এথেলিট জন।

মান’উবি সিংহাই ১৫.৪০ মিনিটত ৫ হাজাৰ মিটাৰৰ দৌৰ সম্পন্ন কৰাৰ বিপৰীতে ৩২.৪৭ মিনিটত ১০ হাজাৰ মিটাৰৰ দৌৰ সম্পন্ন কৰি এই গৌৰৱ কঢ়িয়াই আনে।

উল্লেখ্য যে, লংকাৰ এই যুৱ এথেলিটজনে দ্বিতীয় নৰ্থ ইষ্ট অলিম্পিকত মনিপুৰৰ হৈ প্ৰতিনিধিত্ব কৰিচিল।

যুৱ এথেলিটজনে মনিপুৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা হেতুকে ৰাজ্যখনৰ পৰাই প্ৰতিযোগিতাৰ বাছনিত অৱৰ্তীণ হৈছিল।

বৰ্তমান, পশ্চিম লংকাগাঁওৰ নিজ গৃহত আহি উপস্থিত হোৱা যুৱ খেলুৱৈ গৰাকীৰ সাফল্যক লৈ উৎফুল্লিত হৈ পৰিচে লংকাবাসী।