যোৰাবাটত পুৱতি নিশা মেঘালয়ৰ পৰা গুৱাহাটীলৈ অনা অৱস্থাত চোৰাং শাল কাঠসহ বাহন জব্দ

57

গুৱাহাটী : বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ অসম- মেঘালয় সীমান্তত থকা যোৰাবাট বন শিবিৰৰ বনকৰ্মীৰ দলে আজি পুৱতি নিশা প্ৰায় দুই মান বজাত বিশেষ সূত্ৰৰ পম খেদি মেঘালয়ৰ পৰা গুৱাহাটীলৈ কৌশলেৰে অনা অৱস্থাত এ এছ০১ এল চি ৫৫৩৭ নম্বৰৰ মহেন্দ্ৰ পিক আপ বাহন খন সহ নথি পত্ৰ অবিহনে চোৰাংকৈ অনা প্ৰায় ১০০ ঘনফুট পৰিমাণৰ শাল কাঠ জব্দ কৰে ।

বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি অইন দিনাৰ দৰে যোৰাবাট বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া পুলিন মহন্তৰ নেতৃত্বত এটা বন কৰ্মীৰ দলে কালিও সন্ধিয়াৰ পাছত গুৱাহাটী অভিমুখী পথত কোনো বাহনে যাতে অবৈধ বনজ সম্পদ সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে তালাচী চলাই আছিল । তাৰ মাজতে বিশেষ সূত্ৰৰ আধাৰত পুৱতি নিশা প্ৰায় দুই মান বজাত উল্লিখিত মহেন্দ্ৰ পিক আপখনক ৰাখিবলৈ সংকেত দিয়ে ।

কিন্তু বনকর্মীৰ দলটো দেখি চালকজনে বাহনখন নৰখাই পলাই যায় । কিন্তু বনকৰ্মীৰ দলে খেদি যোৱাত চালকজনে এঘাঁৰ মাইলত পথৰ দাঁতিত বাহনখন ৰখাই আন্ধাৰৰ সুযোগ লৈ পলাই যায় । ব্নকৰ্মীৰ দলটোৱে তালাচী চলোৱাত কৌশলৰে অনা শাল কাঠখিনী জব্দ কৰে । সম্প্ৰতি বাহনসহ কাঠখিনী বন বিভাগৰ বশিষ্ঠস্থিত ডিপোট ৰখা হৈছে ।

উল্লেখযোগ্য যে বিগত অক্টোবৰ মাহত যোৰাবাট বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্বভাৰ লোৱাৰ পাছত পুলিন মহন্তৰ নেতৃত্বত দুটা মাহত আজিৰে সৈতে মেঘালয়ৰ পৰা গুৱাহাটীলৈ অনা অৱস্থাত চোৰাং কাঠসহ মুঠ তিনিখন বাহন জব্দ কৰা হৈছে । ইয়াত উপৰি অসম ডনবস্ক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চৌহদত পৰিবেশ বিনষ্ট কৰি অবৈধভাৱে মাটি কটা ঘটনা ধৰা পেলাই উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰিছে ।