যোৰহাট আৰক্ষীয়ে অভিযান চলাই চামগুৰি অঞ্চলৰ পৰা ২৪টা ভাৰতীয় মংগ্ৰেল প্ৰজাতিৰ কুকুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
কুকুৰ কেইটা বস্তাত বান্ধি অবৈধভাৱে নাগালেণ্ডলৈ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ডকু দলে নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰিছে। আনহাতে খবৰ অনুসৰি আন তিনিজন লোককো আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখ্য যে, নৱবৰ্ষ আৰু বৰদিনৰ প্ৰাকক্ষণত বহিঃৰাজ্যলৈ গোপনে কুকুৰ সৰবৰাহ বৃদ্ধি পায়। এই সময়ত আৰক্ষীয়ে অভিযান ক্ষিপ্ৰতৰ কৰি প্ৰতিবছৰে সৰবৰাহ কাৰীৰ কবলৰ পৰা বহু কুকুৰ উদ্ধাৰ কৰি আহিছে।
