যোৰহাটত গৰুভৰ্তি দুখন ট্ৰাক জব্দ, ৫ জনক আটক

79

যোৰহাট আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই ১০টাকৈ গৰু অবৈধভাৱে কঢ়িয়াই নিয়া দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই গৰু সৰবৰাহৰে জড়িত থকাৰ অভিযোগত ৫ জন লোককো আটক কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই গৰুভৰ্তি ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী কেইজনক ক্ৰমে- আইজুল ইছলাম, ইদুল আহমেদ, পিংকু কলিতা, বীৰেন চৌধুৰী আৰু ৰাকেশ সাহা বুলি চিনাক্ত কৰা হৈছে।

গৰুসমূহৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰোৰে ওচৰত কোনো নথি নাছিল আৰু বাহনকেইখনৰো গৰু বা পশুধন পৰিবহনৰ কোনো অনুমতি নাছিল।

এই গৰুসমূহ যোৰহাটৰ কোকিলামুখৰ শান্তি আশ্ৰমৰ পৰা নগাওৱৰ আমবাগানলৈ লৈ গৈ আছিল।

আনহাতে, ট্ৰাকৰ চালকে দাবী কৰে যে গৰুসমূহ বোজাই কৰাৰ সময়ত তেওঁলোকক কোৱা হৈছিল যে গুৰসমূহৰ আশ্ৰমখনৰ আৰু তাত কোনো আইনী বাধা নাই।

আৰক্ষীয়ে দাবী কৰে যে তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব কিয়নো তেওঁলোকে কোনো নথিপত্ৰ দেখুৱাব পৰা নাই।