যোৰহাটত কোভিডত মৃত্যু তিনিজনৰ

75
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

যোৰহাটত কোভিডৰ সংক্ৰমনৰ ভয়াবহ ৰূপ|

শণিবাৰে কোভিডত মৃত্যু হয় ঘৰফলীয়াৰ বুলবুলি দাস, ৰজামৈদামৰ খগেশ্বৰ দত্ত আৰু তিতাবৰৰ মেহেৰুন নিছাৰ।

আনহাতে আজি জিলা খনত নতুনকৈ ৪৪ জন ব্যক্তিৰ দেহত ধৰা পৰে কভিড ১৯ পজিটিভ।

শনিবাৰৰ দিনটোত যোৰহাটত ৩ জন ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছিল ৬১ জন ব্যক্তি|

যোৰহাটত মৃত্যুৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পালে|

বৰ্তমান জিলা খনত ৪০৪ জনলৈ বৃদ্ধি পাইছে চিকিৎসাধীন কভিড ১৯ পজিটিভ ৰোগীৰ সংখ্যা।