যোৰহাটত অনিৰ্দিষ্টকাললৈ লকডাউন বৃদ্ধি

78

ষ্টাফৰিপৰ্টাৰ, যোৰহাটত অনিৰ্দিষ্টকাললৈ লকডাউন বৃদ্ধি কৰা হৈছে।
বৃহস্পতিবাৰে পুৱা ৭ বজাৰপৰা পুনৰ লকডাউন দিয়া হৈছে চহৰখনত।
এইবাৰ যোৰহাটৰ পৌৰ এলেকাৰ উপৰিও কিছু পঞ্চায়ত এলেকালৈ লকডাউন সম্প্ৰসাৰণ কৰা হৈছে।ইয়াৰ বাবে জাৰী কৰা নিৰ্দেশনা অনুসৰি লকডাউনৰ সময়ছোৱাত গেলামালৰ দোকান খোলাৰ সময় নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে।লকডাউনৰ সময়ত মাছ মাংস শাক-পাচলিৰ হোম ডেলিভাৰিৰ অনুমতি প্ৰদান কৰা হৈছে।