ৰাজ্যত কোভিড সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা হৈছে নতুন এছঅ’পি। নতুন এছঅ’পিত সান্ধ্য আইন আৰু অন্যান্য ক্ষেত্ৰত যথেষ্ট শিথিলতা প্ৰদান কৰা হৈছে। কিন্তু তাৰ মাজতে যোৰহাট মেডিকেল কলেজ হাস্পতালত লাভ কৰা হৈছে এক উদ্বেগজনক খবৰ।
হাস্পতালখনৰ ছাত্ৰ-ছাত্ৰীসহ মুঠ ২৭ গৰাকীৰ দেহত একেলগে কোভিড পজিটিভ ধৰা পৰাত উদ্বেগ বৃদ্ধি পাইছে। জানিব পৰা মতে, যোৰহাট মেডিকেল কলেজ হাস্পতালৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসক, দুগৰাকী ইণ্টাৰ্ণ চিকিৎসক আৰু ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে।
কোভিড আক্ৰান্ত আটাইকেইগৰাকীকে হাস্পতালখনতে চিকিৎসা চলাই থকা হৈছে।
