যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰহস্যজনক অৱস্থাত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

63

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। চিকিৎসা মহাবিদ্যালয় খনৰ মাতৃ আৰু শিশু বিভাগৰ সমীপত মৃত অৱস্থাত নিৰাপত্তাৰক্ষীয়ে প্ৰত্যক্ষ কৰে ব্যক্তিজনৰ মৃতদেহ। আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্তত ব্যক্তিজনৰ বিদ্যুৎস্পষ্ট হৈ মৃত্যু ঘটাৰ সন্দেহ কৰিছে।

আৰক্ষীয়ে সন্দেহ কৰা মতে, জেনেৰেটৰ পৰা বিদ্যুৎ চুৰি কৰিবলৈ অহাৰ সময়তে লোকজনৰ বিদ্যুৎস্পষ্ট হৈ মৃত্যু ঘটে। মৃত ব্যক্তিজনৰ কাষতে এপাত ৰেন্স উদ্ধাৰ হৈছে। ইফালে মৃত ব্যক্তিজনৰ ঘৰ যোৰহাট গড়মূৰৰ পানী টেংকীত বুলি জানিব পৰা গৈছে।