যুৱমৰ্চাৰ ভাৰ্চুৱেল কনফাৰেন্সত মুখ্যমন্ত্ৰীৰে মত বিনিময়ঃ যুৱমৰ্চাৰ তৎতপৰতাক প্ৰশংসা

69

ষ্টাফৰিপৰ্টাৰ, বৰ্তমানৰ এই জটিল পৰিস্থিতিৰ লগত সংগতি ৰাখি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত কাৰ্যকর্তা সকলক উৎসাহিত কৰিবৰ বাবে শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়া আৰু জিলা সভাপতি সকলৰ এখন
ভিডিও কনফাৰেন্সৰ আয়োজন কৰা হয় । এই কনফাৰেন্সৰ জৰিয়তে যুৱ কাৰ্যকৰ্তাসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তাৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে
বৰ্তমানৰ এন ডি এ নেতৃত্বাধীন চৰকাৰখনে অসমৰ প্ৰধান সমস্যা বানপানীৰ স্থায়ী সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে কিছু পদক্ষেপ হাতত লোৱাৰ কথাও উল্লেখ কৰে ৷ সেই উদ্দেশ্যেই কেন্দ্ৰীয় চৰকাৰে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিতী (NORTH EAST WATER MANAGEMENT AUTHORITY)গঠন কৰাৰ কথাও দোহাৰে।তাৰোপৰি প্ৰায় ৫০০০ কিঃমিঃ দৈৰ্ঘ্যৰ মথাউৰি সমূহৰ ওপৰত বিশেষ পদ্ধতিৰে পথ নিৰ্মাণৰ জৰিয়তে যাতায়ত ব্যৱস্থা সুচল কৰাৰ লগতে গ্ৰাম্য ৰাইজৰ অৰ্থনৈতিক, সামাজিক সুৰক্ষাৰ কথাও উল্লেখ কৰে আৰু এই সম্পৰ্কে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হোৱাৰ আশ্বাস দিয়ে ৷
মুখ্যমন্ত্ৰীৰ লগতে শুকুৰবাৰৰ এই ভাৰ্চুৱেল সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ স সাংসদ দিলীপ শইকীয়া। অতিশয় ব্যস্ততাৰ মাজতো যুৱমৰ্চাক মাগদৰ্শন কৰিবলৈ যুৱমৰ্চাই অনুষ্ঠিত কৰা এই ভাৰ্চুৱেল কনফাৰেন্সৰ প্ৰতি সহাঁৰি জনাই যুৱ কাৰ্যকৰ্তাসকলক সম্বোধন কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ লগতে সাংসদকো ধন্যবাদ জ্ঞাপন কৰে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে। তাৰোপৰি এই কনফাৰেন্সতে বিগত লকডাউনৰ প্ৰথম সময়ছোৱাৰ পৰা ক’ৰনা, বানপানীকে আদি কৰি আন সমস্যাসমূহত যুৱ মৰ্চাৰ সদস্যসকলে যি তৎপৰতাৰে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল তাৰো এক সমীক্ষা দাঙি ধৰা হয়। প্ৰথম লক ডাউনৰ পৰা বৰ্তমানলৈকে যুৱমৰ্চা ই সমগ্ৰ ৰাজ্যতে ২০৮৪৩২ টা মাস্ক, আৰু প্ৰায় ১০৫০০০ লিটাৰ চেনিটাইজাৰ, আৰ্তজন বা পদপথৰ বাসিন্দাক ৬২৪২৩ টা খাদ্যৰ টোপোলা, প্ৰায় ১৪০২৩৭ লোকলৈ ৰেচনৰ সামগ্ৰী আগবঢ়ায় ৷ তাৰ উপৰিও এই সময়ছোৱাত যুৱ মৰ্চাই বহিঃ ৰাজ্যত থকা অসমীয়া লোকসকলৰ সুবিধাৰ্থে দুটা হেল্পলাইন নম্বৰৰ জৰিয়তে সেৱা আগবঢ়োৱাৰ কথাও উল্লেখ কৰে ৷ যুৱমৰ্চাৰ পাঁচ সহশ্ৰাধিক স্বেচ্ছাসেৱকে এই জটিল সময়খিনিক ৰাইজৰ লগতে প্ৰশাসনকো বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ লগতে ১৭, ৪৭২ জনতকৈ অধিক যুৱ কাৰ্যকৰ্তাই প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডলৈ সাহাৰ্য আগবঢ়ায়। সংকতৰ এই জটিল সময়ত যুৱমৰ্চাৰ ৫২৪ জন কাৰ্যকৰ্তাই ৰক্তদানেৰে বহুজনক সহায় কৰে। এটাৰ পাছত আন এটা সমস্যাৰে জৰ্জৰিত হোৱা ৰাজ্যখনত বিপদৰ এই মূহূৰ্তত প্ৰতি ক্ষেত্ৰতে যুৱমৰ্চাই ৰাইজৰ কাষত থাকি এনেদৰে সেৱা আগবঢ়োৱা কাৰ্যক প্ৰশংসা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷