যুৱকৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ ৩ জনক

250

উত্তৰ লখিমপুৰ জিলাত ২৪ বছৰীয়া যুৱকক হত্যা কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উত্তৰ লখিমপুৰ জিলাৰ কইলামাৰীস্থিত বালিজান গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে তিনিওজন অভিযুক্তক।

বিকি নামৰ ২৪ বছৰীয়া যুৱকজনক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে তিনিওজনক।

সোমবাৰে (১২ ছেপ্টেম্বৰ) বিকিৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

সন্দেহ কৰা হৈছে যে খ্ৰীষ্টান সমাজৰ অন্তৰ্গত এগৰাকী ছোৱালীৰ সৈতে বিকিক পলায়ন কৰিবলৈ চেষ্টা কৰাৰ পিছতে তিনিওজন অভিযুক্তই বিকিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

অৱশ্যে ছোৱালীজনীৰ পৰিয়ালে ছোৱালীজনীক বিকিৰ ঘৰৰ পৰা উভতাই লৈ যায়।

তাৰ পিছতে বিকি ঘৰৰ পৰা নিৰুদ্দেশ হয় আৰু পিছদিনা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

ধৃত ব্যক্তি সকলৰ ভিতৰত আছে ছোৱালীজনীৰ পিতৃ আৰু দুজন ককায়েক।

অভিযুক্ত কেইজনৰ নাম হৈছে হাদিল কাদ্ৰেক, দিলীপ কাদ্ৰেক আৰু কাইন কাদ্ৰেক।