যিকোনো মুহূৰ্ততে বিধায়ক পদ এৰিব পাৰে অখিল গগৈয়ে…

122

গুৱাহাটীঃ শাসকীয় পক্ষই আৰোপ কৰা বাধা-নিষেধে নিজৰ বিধায়কৰ দায়িত্ব পালনত অসুবিধাৰ সৃষ্টি কৰিছে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ এই অভিযোগৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এটা পক্ষৰ হেঁচাৰ বাবে তেওঁ যিকোনো মুহূৰ্তত পদত্যাগ কৰিবলগা হোৱা পৰিস্থিতিৰো সৃষ্টি হ’ব বুলি আশংকা কৰিছে বিধায়কগৰাকীয়ে।

ৰাজ্যৰ এক সংবাদ প্ৰতিষ্ঠান ‘নৰ্থ ইষ্ট নাও’ৰ সৈতে হোৱা বাৰ্তালাপত অখিল গগৈয়ে দুখ ব্যক্ত কৰি কয়, ‘মই হয়তো বেছিদিনলৈ বিধায়ক হৈ থাকিব নোৱাৰিম, মই অনুভৱ কৰো যে মই সঠিক ঠাইত থকা নাই। মই যিকোনো মুহূৰ্ততে পদত্যাগ কৰিব পাৰো।’

বিধায়কৰ দায়িত্ব পালন কৰিবলৈ যাওতে বিভিন্ন নীতি-নিয়মেৰে তেওঁক বান্ধি পেলোৱা হোৱা বুলিও অভিযোগ কৰে অখিল গগৈয়ে। আনহাতে এনআইএৰ সকলো গোচৰৰ পৰা মুক্ত হোৱাৰ পিছত ভাৰত চৰকাৰৰ গৃহ বিভাগ, অসম চৰকাৰ আৰু এনআইৰ ষড়যন্ত্ৰৰ বলি হৈ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ আশংকাও ব্যক্ত কৰে বিধায়গৰাকীয়ে।
অখিল গগৈয়ে কয়, ‘মোক বিভিন্ন নীতি-নিয়মৰ দ্বাৰা বান্ধি পেলোৱা হৈছে, সাম্প্ৰদায়িক আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধাচৰণ কৰাৰ ক্ষেত্ৰত সোক বাধা প্ৰদান কৰা হৈছে।এনেবোৰ কাৰণতে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ বাবে দুৰূহ হৈ পৰিছে।’