বুধবাৰে শিলচৰৰ পৰা কলকাতা অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহি বিমানত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ পিছতে জৰুৰীভাৱে অৱতৰণ কৰিবলগা হয়।
জানিব পৰা মতে শিলচৰৰ পৰা উৰা মৰা ঘৰুৱা যাত্ৰীবাহি বিমানখনৰ পিছৰ চকা বিকল হোৱাৰ পৰিপ্ৰেক্ষিতত উৰা মৰাৰ ক্ষন্তেকসময় পিছতে কুম্ভীগ্ৰাম বিমান বন্দৰত জৰুৰী অৱতৰণ কৰোৱায় পাইলতে। যাৰ বিমান খন ভিতৰত থকা যাত্ৰীসকল সাম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।