যদি আপুনি এই কাম কৰে তেন্তে সাৱধান!

74

বহুতৰে আছে এই অভ্যাস। বহুতেই অৱশ্যে দৈনিক কামৰ হেঁচাত সময় নাপায়। দিনত সময় নহয় বাবে নিশা চুলি ধোৱে বহু লোকে। আৰু সেই ভিজা চুলিৰেই শুবলৈ যায়। বহুতে দিনতে এই কাম কৰে। যদি আপুনি এই কাম কৰে তেন্তে সাৱধান! চুলি নুশুকুৱাকৈ অৰ্থাৎ ভিজা চুলিৰে দীৰ্ঘ সময় শুলে হ’ব পাৰে বহু সমস্যা। কি কি সমস্যাই দেখা দিব পাৰে জানো আহক।
চুলি ভিজা থাকিলে চুলিৰ ফলিকলসমূহ দুৰ্বল হৈ থাকে। এইক্ষেত্ৰত ভিজা চুলিৰে দীৰ্ঘসময় একেভাৱে থাকিলে চুলি আৰু অধিক দুৰ্বল হৈ পৰে। ইয়াৰ ফলত চুলি সৰাৰ পৰিমাণ বাঢ়ি যায়।
ভিজা চুলিৰে শোৱা মানে নানা ধৰণৰ বেক্টেৰিয়া আৰু বীজাণুৰ সংক্ৰমণৰ বাবে অনুকুল পৰিৱেশ সৃষ্টি কৰি দিয়া। শৰীৰৰ উষ্ণতা আৰু মূৰৰ আৰ্দ্ৰভাৱে বেক্টেৰিয়া বৃদ্ধিত সহায় কৰে।