‘যদি আজমল ভাৰতীয় নাগৰিক নহয়, তেন্তে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক’

55

যদি বদৰুদ্দিন আজমল ভাৰতীয় নাগৰিক নহয়, তেন্তে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। এই মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। আজমলৰ নাম লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ তুলি সাংসদ অজিত কুমাৰ ভূঞাই ক্ষুৰধাৰ সমালোচনা কৰিলে বিজেপিক। বৃহস্পতিবাৰে গহপুৰত মহামিত্ৰজোঁটৰ প্ৰাৰ্থী ৰিপুণ বৰাৰ হৈ প্ৰচাৰ চলায় অজিত কুমাৰ ভূঞাই। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এখন সভাত অংশ লোৱাৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে তেওঁ।

অজিত কুমাৰ ভূঞাই কয় যে যোৱাবাৰ বিজেপিয়ে শৰাইঘাটৰ ৰণৰ কথাৰে নিৰ্বাচনী দেওনা পাৰ হৈছিল। এইবাৰ আজমলৰ নাম লৈ নিৰ্বাচনী দেওনা পাৰ কৰাৰ চেষ্টা কৰিছে। যদি আজমলৰ বিৰুদ্ধে সঁচাকৈয়ে বিজেপিৰ হাতত কিবা অভিযোগ আছে, তেন্তে চৰকাৰতো তেওঁলোকৰেই। আজমলৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা লওঁক।

আনহাতে মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী কোন হব সেই প্ৰশ্নৰো উত্তৰ দিলে সাংসদ অজিত কুমাৰ ভূঞাই।