মৰ্মান্তিক! মাছ ধৰিবলৈ গৈ পুখুৰীত সলিল সমাধি ৩ শিশুৰ…

508

পুখুৰীত মাছ ধৰিবলৈ গৈ মাজুলীত সলিল সমাধি ঘটিল তিনিটাকৈ শিশুৰ।

দেওবাৰে সংঘটিত এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ মাজুলীত।

জানিব পৰা মতে, মাজুলীৰ বৰদোৱাত শিশু তিনিটিয়ে পুখুৰীত মাছ ধৰিবলৈ যাওতেই পিচলি পানীত পৰি মৃত্যু ঘটে।

নিহত শিশু কেইটিৰ আটাই কেইটাৰে বয়স ১০ বছৰৰ কম আছিল বুলি জানিব পৰা গৈছে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ শিশু কেইটাৰ মৃতদেহ উদ্ধাৰ কৰে।

শিশু কেইটিৰ এনে মৃত্যুৱে শোকাহত কৰিছে মাজুলীবাসীক।