মৰ্মান্তিক! দুমাহ পূৰ্বে সম্পন্ন হৈছিল বিয়া, হিমাচলত কৰ্তব্যৰত অৱস্থাত আত্মঘাতী হ’ল অসমৰ SSB জোৱান ধনজিৎ

335

দেওবাৰে বিয়লি হিমাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত অসমৰ এজন সশস্ত্ৰ সীমা বল (এছএছবি) জোৱানে নিজৰ চাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

প্ৰাথমিক তথ্য অনুসৰি ধনজিৎ দাস নামৰ মৃত জোৱানজন আছিল বজালীৰ বৰবাং কুমাৰপাৰাৰ বাসিন্দা।

হিমাচল প্ৰদেশৰ জ্বলামুখী থানাৰ অধীনস্থ এছ এছ বি ছাপৰিৰ মূল গেটত কৰ্তব্যৰত আছিল ধনজিৎ।

নিজৰ ওপৰত গুলীচালনা কৰাৰ পিছত জোৱানজনক লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে টিএমচিলৈ প্ৰেৰণ কৰাৰ সময়তে আধা বাটত মৃত্যু ঘটে জোৱানজনৰ।

ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে।

চৰ্চালৈ আহিছে যে ধনজিতে প্ৰায় দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আৰু ঘটনা সংঘটিত হোৱাৰ কেইদিনমান পূৰ্বে হিমাচল প্ৰদেশৰ কৰ্তব্যস্থলীলৈ উভতিছিল।