দেওবাৰে মাজনিশা তেলেংগানাৰ নলগোণ্ডা জিলাৰ মিৰিয়ালাগুডাৰ আডংকি-নৰকতপল্লী মূল পথত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হয়। দুটা পৰিয়ালে যাত্ৰা কৰা চাৰিচকীয়া বাহনখনত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত এই কৰুণ ঘটনা সংঘটিত হয়। নিহত সকলৰ ভিতৰত দুটা শিশুও আছে।
মৃত সকলক মিৰিয়ালাগুডাৰ নন্দিপাডু কলনীৰ চেৰুপল্লী মহেশ (৩২), পত্নী জ্যোতি (৩০), কন্যা ঋষিতা (৬), মহেশৰ খুলশালী গোলনেপল্লীৰ ভূমা মহেন্দৰ (৩২), যাদদ্ৰী ভূৱনগিৰি জিলাৰ বালিগোণ্ডা মণ্ডল আৰু তেওঁৰ পুত্ৰ লিয়াঞ্চি(২) বুলি চিনাক্ত কৰা হৈছে।
ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মহেন্দৰৰ পত্নী ভূমা মাধৱী। দুৰ্ঘটনাত পিছত মহিলাগৰাকীক উদ্ধাৰ কৰি মিৰিয়ালাগুডা আঞ্চলিক চিকিৎসালয়ত জৰুৰী চিকিৎসা প্ৰদান কৰি পিছত ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়।
আনহাতে এই ভয়াবহ দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি ট্ৰাকখনৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰিছে।
জানিব পৰা মতে, চেৰুপল্লী মহেশে হায়দৰাবাদৰ বানস্থলীপুৰমত ফটোগ্ৰাফাৰ হিচাপে কাম কৰিছিল। তেওঁ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে গাড়ীৰে বিজয়াৱাড়া আৰু অন্ধ্ৰ প্ৰদেশৰ অন্যান্য ঠাইলৈ ফুৰিবলৈ যোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।