মৰিয়নীত মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

73

মৰিয়নীৰ নাগিনীজান চাহ বাগিছাত এহাল মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰক লৈ চঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, শনিবাৰে নিশা নিজ ঘৰৰ চিলিংত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মাতৃ-কন্যাৰ মৃতদেহ।

মৃত মহিলা গৰাকীক প্ৰীতিল এক্কাৰ পত্নী সুনিতা এক্কা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ মতে, সুনীতা এক্কাই তেওঁলোকৰ তিনি বছৰীয়া কন্যা শিশুটিক লগত লৈ আত্মহত্যা কৰে। অৱশ্যে ঘটনাৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

ইফালে দেবেৰাপাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। সোধা-পোছাৰ বাবে প্ৰীতিল এক্কাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।