মৰিয়নী সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ দাখিল সমৰ্থকৰ

54

সমৰ্থকক লগত লৈ তিতাবৰত ৰাইজৰ দলৰ  প্ৰাৰ্থী অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিলে এজেন্ট আৰু দুজন সমৰ্থকে ৷ প্ৰথম পয্যায়ৰ নিৰ্বাচনৰ  মনোনয়ন দাখিলৰ আজি প্ৰথম দিন ৷ আজি প্ৰথম দিনটোতে ১০১ নং মৰিয়নী বিধান সভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ মনেনয়ন পত্ৰ দাখিল কৰে তিতাবৰ নিৰ্বাচনী বিষয়াৰ কায্যালয়ত ৷  প্ৰায় তিনি শতাধিক সমৰ্থকক লগত লৈ মৰিয়নীৰ পৰা শোভাযাত্ৰা কৰি আহি দাখিল কৰিলে মনোনয়ন পত্ৰ ৷ আনহাতে এই মনোনয়ন দাখিল কৰাৰ সময়ত কাৰাৰুদ্ধ হৈ থকা অখিল গগৈয়ে GMCH ৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নিজৰ উপস্থিতিি সহ যাবতীয় নথি ৰিৰ্টানিং বিষয়াৰ সন্মুখত দাঙি ধৰে ৷