মৰিগাঁৱৰ বিভিন্ন স্থানত পৰম্পৰাগত ম’হযুঁজ অনুষ্ঠিত কৰাত বাধা আৰক্ষী-প্ৰশাসনৰ

80

আজি মাঘৰ ১ তাৰিখ। বিহুৰ এই আনন্দ উৎসৱৰ মাজত পৰাম্পৰা ৰক্ষা কৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় ম’হযুঁজৰ। কিন্তু এইবাৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ম’হযুঁজ অনুষ্ঠিত কৰাৰ বাধা প্ৰদান কৰিছে প্ৰশাসনে।

ম’হযুঁজৰ বাবে বিখ্যাত মৰিগাঁৱৰ বিভিন্ন প্ৰান্তত আজি ম’হ যুঁজ অনুষ্ঠিত কৰাৰ বাধা প্ৰদান কৰা দেখা গ’ল জিলা প্ৰশাসনক। ম’হযুঁজ যাতে অনুষ্ঠিত কৰিব নোৱাৰে, তাৰ বাবে যুঁজথলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা দেখা গৈছে।

জিলাখনৰ বৈদ্যবড়ী, মিকিৰভেটা আদি যুঁজস্থলীত যাতে এই পৰাম্পৰাগত ম’হযুঁজ অনুষ্ঠিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন। আনহাতে ৰণথলীত বহা দোকান-পোহাৰসমূহো নিৰ্দয়ভাৱে ভাগি পেলোৱা হৈছে।

ইফালে এই সময়চোৱাত গোনা ম’হ সমূহে যুঁজত অৱতীৰ্ণ হ’ব নোৱাৰিলে আক্ৰমণৰ লক্ষ্য কৰি লয় গোৱাল সকলক৷ এনে পৰিস্থিতিত প্ৰশাসনে বাধা আৰোপ কৰাত বিপাঙত পৰিছে ম’হৰ গোৱাল সকল৷