মৰিগাঁৱৰ আহঁতগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

61

মৰিগাঁৱৰ আহঁতগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা৷

ই ৰিস্কা আৰু ইণ্ডিকাৰ মাজত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

এটা শিশু সহ পাঁচজনকৈ লোক আঘাট প্ৰাপ্ত হয় যদিও ৪ জনৰ অৱস্থা অতি সংকটজনক৷

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনা,

তেলাহী অভিমুখে আহি আছিল ই ৰিস্কা খন ৷

জাগীৰোড ফালৰ পৰা অহা তীব্ৰ বেগী ইণ্ডিকাখনে ই ৰিস্কা খনক পিছ ফালৰ পৰা মহতিয়াই থৈ যায়

ইণ্ডিকাখনে ই ৰিস্কা খনক মহতিয়াই পলায়ন কৰে

জানিব পৰা মতে ই ৰিস্কা খনে পাঁচজনকৈ যাত্ৰীক কঢ়িয়াই লৈ আনিছিল

বৰ্তমান আহঁতগুৰিৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰি গুৰুত্ব ভাৱে আঘাতপ্ৰাপ্ত হোৱা ৪ জন যাত্ৰীক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

আনহাতে ধৰমতুল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷