মৰিগাঁও জিলাত তিনিজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু সংখ্যক আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।
শুকুৰবাৰে নিশা মৰিগাঁও আৰক্ষীয়ে মৰিগাঁৱৰ মৈৰাবাৰীৰ ক্ষোগুনবাৰীত তালাচী অভিযান আৰম্ভ কৰাৰ পিছতে আটক কৰে ভয়ংকৰ চাইবাৰ অপৰাধী কেইজনক।
ধৃত চাইবাৰ অপৰাধীকেইজন ইছাহাক আলী, ৰাব্বুল ইছলাম আৰু গিয়াছ উদ্দিন বুলি জানিব পৰা গৈছে। অভিযুক্ত তিনিজন মৈৰাবাৰীৰ ক্ষোগুনবাৰী গাঁৱৰ বাসিন্দা।
তেওঁলোকৰ হাতত মুঠ ১৭২০খন চিম কাৰ্ড, এ এছ-০২এ-এইচ৫৬০৯ নম্বৰৰ পঞ্জীয়ন নম্বৰ থকা এখন পালছাৰ বাইক আৰু ১১টা মোবাইল জব্দ কৰা হৈছে।
আৰক্ষীয়ে লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এই অনুসন্ধান অভিযান আৰম্ভ কৰা হয়।
সম্প্ৰতি মৈৰাবাৰী আৰক্ষী থানাত জেৰা অব্যাহত আছে তিনিওজনক।
