মৰিগাঁৱত জেহাদীৰ সন্দেহত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক, অবৈধভাৱে নিৰ্বাচনতো কৰিছিল ভোটদান…

573

অবৈধ উপায়েৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা এজন বাংলাদেশী নাগৰিকক জেহাদীৰ সন্দেহত দেওবাৰে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে জানিবলৈ দিয়া মতে, শনিবাৰে নিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ চেনিমাৰী অঞ্চলত অভিযান চলায়। এই অভিযানত এগৰাকী মহিলাৰ ঘৰত গোপনে আশ্ৰয় লৈ থকা বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, ধৃত বাংলাদেশী নাগৰিকজনৰ নাম ইছলাম মণ্ডল। জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰা অভিযুক্তজনে লাহৰিঘাট বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত নিজৰ নাম নূৰ মণ্ডল বুলি অবৈধভাৱে অন্তৰ্ভূক্ত কৰিছিল। অভিযুক্ত জেহাদীজনে বিগত বিধানসভা নিৰ্বাচনত ভোটদান কৰা বুলিও মন্তব্য কৰে আৰক্ষীয়ে।

ইফালে বাংলাদেশী নাগৰিকৰ সন্দেহত এজন ১৪ বছৰীয়া কিশোৰকো গ্ৰেপ্তাৰ কৰা হৈছে। মৰিগাঁৱত আৰু অধিক বাংলাদেশী নাগৰিক কু অভিপ্ৰায়েৰে অবৈধভাৱে বাহৰ পতাৰ সন্দেহ কৰি অভিযান চলাই থকা হৈছে।