মৰিগাঁৱত চাইবাৰ অপৰাধৰে জড়িত থকাৰ অভিযোগত ৭জনক গ্ৰেপ্তাৰ

69

আৰক্ষীয়ে মৰিগাঁৱত এটা অনলাইন বজাৰ আৰু চাইবাৰ জালিয়াতিৰ সন্দৰ্ভত কমেও সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্তসকলক আজমল হুছেইন (২৪), নজৰুল ইছলাম (২৭), নাছিৰ উদ্দিন (২৪), ৰিয়াজ উদ্দিন (৩৯), আব্দুল জলিল (৪৮), চাফিকুল ইছলাম (৩০) আৰু স্বপ্ন মণ্ডল (২৫) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ মতে, অভিযুক্তসকলক অনলাইন প্ৰৱঞ্চনাত জড়িত থকা আৰু কিছুমান অবৈধ উপায়েৰে লোকসকলক প্ৰতাৰিত কৰাৰ অভিযোগৰ ওপৰত ভিত্তি কৰি আটক কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, অভিযুক্ত কেইজনে কেইবাটাও প্ৰৱঞ্চনামূলক উপায়েৰে অনলাইন বিক্ৰেতাৰ পৰা সামগ্ৰী ক্ৰয় কৰিছিল।

আৰক্ষীয়ে জনাইছে যে তেওঁলোকে এটা লেপটপ, এটা আধাৰ কাৰ্ড মেচিন, তিনিটা আইফোন, সাতটা এণ্ড্ৰইড ফোন, তিনিটা ফ্ৰিজ, তিনিটা এয়াৰ কুলাৰ, চিম কাৰ্ড, পান কাৰ্ড আৰু আধাৰ কাৰ্ড উদ্ধাৰ কৰিছে।

অভিযুক্ত কেইজনৰ দখলৰ পৰা তিনিখন বাইকৰ লগতে ৪.৩৮ লাখ টকাও জব্দ কৰে আৰক্ষীয়ে।