মৰিগাঁওত চলিছে মুন্না ভাই mbbs ৰ বিৰুদ্ধে অভিযান। উল্লেখযোগ্য যে গৰৈমাৰি অঞ্চলত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা ভুৱা ডক্টৰ। ভুৱা ডক্টৰ জনৰ নাম নাজিৰুল ইছলাম বুলি জানিব পৰা গৈছে। মৰিগাঁওৰ কেইবাখনো ফাৰ্মাছিত দীৰ্ঘদিন ধৰি চিকিৎসা চলাই আছিল ভুৱা ডক্টৰ জনে।ভুৱা ডক্টৰ জনে গল্ড ব্লাডাৰ অপাৰেশ্যন কৰা মুহূৰ্তত উক্ত ঘটনাৰ লগত জড়িত তিনিজনক আটক কৰিছে আৰক্ষীয়ে। অবৈধ জাৰা মেডিকেলৰ স্বত্বাধিকাৰ আব্দুল ৰহমান ,ভুৱা ডক্টৰ নাজিৰুল ইছলাম আৰু চালিমা খাতুনক আটক কৰে।
