মৰিগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত “চোতাল” কাৰ্যসূচী ৰূপায়ণ

67

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ মৰিগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত আৰু কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ সহযোগত জিলা কাৰ্যনিৰ্বাহক পাৰ্থ প্ৰতীম বৰাৰ চোতালত যোৱা ২৭মাৰ্চত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয়ভাৱে ঘোষিত অন্যতম কাৰ্যসূচী “চোতাল” ৰূপায়িত হৈ যায়৷

কবিতা পাঠ আৰু কবিতা সম্পৰ্কীয় “অন্তৰঙ্গ আলাপ”ৰ অনুষ্ঠানটিত সভাপতিত্ব কৰে জিলা সভাপতি আবুল হাছেম আল আমানে আৰু আঁতধৰে জিলা সম্পাদক মাধৱ চন্দ্ৰ ডেকাই৷ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মৰিগাঁও জিলা কবি সন্মিলনৰ উপসভাপতিদ্বয় অনিৰুদ্ধ ডেকা আৰু ভৱেন চন্দ্ৰ নাথে৷ অনুষ্ঠানটিৰ শুভাৰম্ভণি গীত পৰিৱেশন কৰে জিমলি বৰাই আৰু বাদ্য সংগত কৰে প্ৰহ্লাদ লাহনে।

কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱেন চন্দ্ৰ নাথ, জিলা উপ-সভাপতি অনিৰুদ্ধ ডেকা, জিলা সহকাৰী সম্পাদক ৰাজীৱ চহৰীয়া, জিলা উপদেষ্টা দেৱেন দাসকে ধৰি কেইবাজনো জিলা বিষয়ববীয়া আৰু কপাহেৰা অঞ্চলৰ বহুকেইগৰাকী কবি আৰু কাব্যানুৰাগী উপস্থিত থকা অনুষ্ঠানটিত কবিতা বিষয়ক চমু ভাষণ প্ৰদান কৰে ৰাজীৱ চহৰীয়া আৰু দেৱেন দাসে।

কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতীয়ে সদৌ অসম কবি সন্মিলনৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে অৱগত কৰাৰ লগতে গ্ৰাম্য সমাজত চোতালৰ গুৰুত্ব সম্পৰ্কে ভাষণ প্ৰদান কৰে। ইয়াৰ পাছতে ভৱেন চন্দ্ৰ নাথৰ আবৃত্তিৰে কবিতা পাঠ অনুষ্ঠানৰ শুভাৰম্ভণি হোৱা অনুষ্ঠানটিত কবিতা পাঠ কৰে আবুল হাছেম আল আমান, লুইত অনিৰুদ্ধ, ভৱেন চন্দ্ৰ নাথ, হেমন্ত ভাৰতী, ৰাজীৱ চহৰীয়া, দেৱেন দাস, কল্পনা বৰা, ভূৱন চন্দ্ৰ ডেকা, চুমি কপাহেৰা, প্ৰহ্লাদ লাহন, দীপসঙ্গীত বৰুৱা, পাৰ্থ প্ৰতীম বৰা, তীৰ্থ নাথ বৰুৱা, বিজয়া বৰা, সন্ধ্যাশিখা গগৈ, পল্লৱী শইকীয়া বৰা, অৰ্চনা ডেকা, বৰষা বৰা, গংগা দেৱী, তীৰ্থ নাথ শইকীয়া, দুলুমণি শইকীয়া, কৃষ্ণকান্ত ডেকা, মাধৱ চন্দ্ৰ ডেকা আৰু দুই শিশু কবি হৰ্ষৰাজ ডেকা আৰু হিমগ্ন বৰাই। গীত পৰিৱেশন কৰে অনিৰুদ্ধ ডেকা আৰু সন্ধ্যা শিখা গগৈয়ে।

জিলা কবি সন্মিলনৰ সম্পাদক মাধৱ চন্দ্ৰ ডেকাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটি কাব্যমন্ত্ৰ পাঠেৰে বিয়লি ৪.৩০ বজাত সামৰণি পৰে। উল্লেখ্য যে এই অনুষ্ঠানটি জিলা কবি সন্মিলনৰ ২০২২ বৰ্ষৰ তৃতীয়টো “চোতাল” অনুষ্ঠান।