মৰাণৰ মাহমৰাত নিৰ্বাচনী হিংসাঃ ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সভালৈ শিলাবৰ্ষণ

62

চৰাইদেউ জিলাৰ মাহমৰাত কংগ্ৰেছৰ নিৰ্বাচনী সভাত অঘটন। ১০৫ নং মাহমৰা সমষ্টিৰ দিঘলীয়া চকলীয়া প্ৰাথমিক বিদ্যালয় খেলপথাৰত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰে মাহমৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়া হৈ যোৱা নিশা নিৰ্বাচনী প্ৰচাৰ চলাওঁতে বিজেপিৰ দলৰ কৰ্মকৰ্তা তথা সমৰ্থকে সভালৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে বুলি আজি কংগ্ৰেছৰ সম্পাদক তথা মাহমৰা সমষ্টিৰ প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়াই মাহমৰা ৰাজীৱ ভৱনত সংবাদ মেলত অনুষ্ঠিত কৰি ঘটনাটো অৱগত কৰে।এই ঘটনাত সুৰুয দিহিঙ্গীয়া কন্যা নিমিষা দিহিঙ্গীয়াই ২০২০ বৰ্ষত ডি ৱাই ৩৬৫ ৰ বিহুৰাণী খিতাপ অৰ্জন কৰি পুৰষ্কাৰ প্ৰাপ্ত এ এছ ০৪ জেদ ৭১৯৫ নম্বৰৰ ৰঙা ৰঙৰ কুৱাড বাহনখন ক্ষতিগ্ৰস্ত হয় আৰু নবিউল আলী ভৰিত আঘাত পায়।এই ঘটনাৰ উচিত তদন্তৰ কৰিবলৈ কংগ্ৰেছৰ ফালৰ পৰা মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।আনহাতে মাহমৰা সমষ্টিৰ বিধায়ক ,মন্ত্ৰী যোগেন মহনে সাংবাদিক ইয়াৰ বিপৰীত এখন ছবিহে দাঙি ধৰে।কংগ্ৰেছৰ কৰ্মী সমৰ্থক সকলে বিজেপিৰ সমৰ্থকৰ এ এছ ০৪ বি চি ৩০৮৬ নম্বৰ এখন বাহন আগভেদি ধৰি ক্ষতি সাধন কৰে।এই সন্দৰ্ভত কালিয়েই বিজেপিৰ কৰ্মকৰ্তা সকলে মৰাণহাট থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে কংগ্ৰেছৰ কৰ্মীক থানালৈ আনি সোধপোছ কৰি দুয়়োদলৰ মাজত মিমাংসা কৰি দিছিল।এই ঘটনাকলৈ মৰাণৰ মাহমৰাত এতিয়া চেপা উৰ্ত্তেজনাই বিৰাজ কৰিছে।