ম্যানমাৰত ৰক্তাক্ত পৰিস্থিতি. সেনাৰ গুলীত নিহত ৩ প্ৰতিবাদকাৰী

66

চুবুৰীয়া ম্যানমাৰত ৰক্তাক্ত পৰিবেশ অব্যাহত আছে৷ সেনাৰ গুলীত পুনৰ নিহত হৈছে তিনি প্ৰতিবাদকাৰী৷ গনতান্ত্ৰিক চৰকাৰক উফৰাই বলপূৰ্বকভাৱে সেনাই ক্ষমতা হস্তান্তৰ কৰাৰ প্ৰতিবাদত ক্ষুদ্ধ জনতা ওলাই আহে ৰাজপথলৈ৷ ইতিমধ্যে এমাহ অতিক্ৰম কৰা প্ৰতিবাদত সেনাৰ গুলীত প্ৰাণ হেৰুৱাইছে অৰ্ধ শতাধিক লোকে৷
সোমবাৰে ম্যানমাৰৰ ৰাজধানী য়াংগুন চহৰৰ ৰাজপথত কেইবালক্ষাধিক বিক্ষোভকাৰী জনতাই অৱস্থান কৰি প্ৰতিবাদ কৰে৷ প্ৰতিবাদী জনতাক ৰুধিবলৈ সেনাই নিৰ্বিচাৰে গুলীচালনা কৰে৷ ফলত তিনি প্ৰতিবাদকাৰীৰ থিতাতে মৃত্যু হয়৷ দেশখনৰ প্ৰখ্যাত গনতন্ত্ৰবাদী নেত্ৰী আংচান ছ্যুুকীৰ মুক্তিৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে ম্যানমাৰ জনতা ৷

দেশখনত পুনৰ গনতন্ত্ৰৰ প্ৰতিষ্ঠা আৰু সামৰিক শাসন বিলুপ্তিৰ দাবী জনতাৰ৷উল্লেখ্য যে,১ফেব্ৰৱাৰীত দেশখনৰ সামৰিক শাসকে অতৰ্কিতে ৰাজধানী য়াংগুন সহ দেশখনৰ আগশাৰীৰ চহৰন সেনাই অৱস্থান কৰি নিৰ্বাচিত চৰকাৰক উফৰা বলপূৰ্বক ক্ষমতা হস্তান্তৰ কৰে৷তদপৰি বাৰ্মিজ ৰাষ্ট্ৰপতি ইউ উইল মিন্ত আৰু বিদেশ মন্ত্ৰী আংচান ছ্যুকীক আটক কৰি গোপন স্হানত আবদ্ধ কৰি ৰাখিছে ৷ গনতন্ত্ৰক কুটাঘাত কৰা সেনাৰ শীৰ্ষ বিষয়াক
ৰাষ্ট্ৰসংঘ ,ইউৰোপীয়ান ইউনিয়ন সহ আমেৰিকা,ভাৰতে তীব্ৰ গৰিহনা দি এনে কাৰ্যৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছে৷