মোবাইল চাৰ্জত লগাই গান শুনি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

475

বিচনাত শুই শুই মোবাইল চাৰ্জত গান শুনি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱায় এজন যুৱকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ বনবালী ৰোডত।

নিহত যুৱকজনক পৰিচয় প্ৰীতম নাথ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শুই শুই মোবাইল চাৰ্জত লগাই গান শুনি আছিল যুৱকজনে। সেই সময়তে বিদ্যুৎ স্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় যুৱকজনক।

লগে লগে পৰিয়ালৰ লোকে যুৱকজনক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত। স্থানীয় বিধায়ক কমলাক্ষ দে পুৰকায়স্থ নিহত যুৱকজনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।