মোদী উপাধি গোচৰত বৃহৎ সকাহ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখে ৰাহুলৰ শাস্তি। কংগ্ৰেছ নেতাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ চূড়ান্ত ৰায়দান নোহোৱালৈকে ৰাহুলে এই গোচৰত কোনো ধৰণৰ শাস্তিৰ সন্মুখীন নহ’ব। অৰ্থাৎ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাটত আৰু বাধা নাই কংগ্ৰেছ নেতাগৰাকীৰ।
২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত এক সমাৱেশত ৰাহুলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয় যে, “মোডী দেশৰ সকলো ডাঙৰ চোৰৰ নাম হোৱাটো দুৰ্ভাগ্যজনক।” পূৰ্ণেশ মোদীয়ে গুজৰাটৰ চুৰাট আদালতত গোচৰ ৰুজু কৰি কয় যে সেই ভাষণত তেতিয়াৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে সমগ্ৰ মোডী সমাজক অপমান কৰিছিল। গুজৰাটৰ চুৰাট আদালতে সেই গোচৰত ৰাহুলক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। পিছদিনা লোকসভা সচিবালয়ে তেওঁৰ প্ৰাৰ্থীত্ব নাকচ কৰে। নিম্ন ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই ৰাহুলে গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু তাতো নিম্ন আদালতৰ ৰায় বাহাল ৰস হয়।
তাৰ পাছতে কংগ্ৰেছ নেতাজনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। শুকুৰবাৰৰ শুনানিৰ সময়ত কংগ্ৰেছ নেতা তথা অধিবক্তা অভিষেক মনু সিংভীয়ে কয়, ‘এয়া ৰাহুলৰ শেষ সুযোগ। এনে ক্ষেত্ৰত সৰ্বোচ্চ শাস্তি প্ৰদানৰ কোনো নজিৰ নাই। সমগ্ৰ দেশতে ১৩ কোটি লোকৰ মোডী পদবী আছে। অৱশ্যে কেৱল বিজেপিৰ বিষয়াসকলেহে গোচৰটো দাখিল কৰে।” কংগ্ৰেছৰ আবেদনৰ উত্তৰত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰি কয় যে, “নিম্ন ন্যায়ালয়ে সৰ্বোচ্চ শাস্তি কিয় দিয়া হ’ল তাৰ কোনো কাৰণ ব্যাখ্যা কৰা নাছিল। গতিকে এই শাস্তি স্থগিত ৰখা উচিত।” মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত সংমণ্ডল বিচাৰপীঠে কয় যে, ‘নিম্ন আদালতৰ ৰায়দানৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। ইয়াৰ ফলত ৰাহুল গান্ধীৰ অধিকাৰ খৰ্ব হোৱাই নহয়, তেওঁক ভোট দিয়াসকলৰ অধিকাৰতো প্ৰভাৱ পৰিছে।”
উচ্চতম ন্যায়ালয়ৰ এই পৰ্যবেক্ষণ ৰাহুলৰ বাবে এক ডাঙৰ সকাহ। কাৰণ তাৰ ফলস্বৰূপে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ সকলো বাধা আঁতৰ হয়। যিহেতু ৰাহুল এই মুহূৰ্তত দোষী নহয়, সেয়েহে তেওঁৰ সাংসদ পদটোও তৎক্ষণাত ঘূৰাই দিব লাগে। সেই সিদ্ধান্ত অৱশ্যে সংসদৰ সচিবালয়।